Wednesday, March 22, 2023
HomeAssameseতিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ

সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জনজাতিকৰণৰ দাবীত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগ্ৰামী সতীৰ্থ সকলক লৈ মটৰ চাইকেলেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে ।জিলা উপায়ুক্ত কায্যালয়ত উক্ত প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষী আৰু মৰাণ ছাত্র সন্থাৰ সদস্যসকলৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।উক্ত প্ৰতিবাদী সমদল তিনিচুকীয়া জিলা উপায়ুক্ত কায্যালয়ত অৱস্থান কৰি মৰাণ সকলক অতিশীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে ,ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰা , অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক অতিশীঘ্ৰেই স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি সকলো চৰকাৰী সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিবলৈও কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক উক্ত কায্যসূচীৰ জৰিয়তে দাবী জনায় । চৰকাৰীভাৱে ভূমি আবন্টন দি ভূমিপতা প্ৰদান কৰা ২৪তা ভূমিহীন পৰিয়ালক অতিশীঘ্ৰেই স্থায়ী ভূমি সংস্থাপনৰ নিশ্চিত ব্যৱস্থাৰ লগতে উচিত ন্যায় প্ৰদান কৰা আৰু বান আৰু গৰখহনিয়া ৰ বিজ্ঞানসন্মত প্ৰতিৰোধ ব্যৱস্হাৰে স্থায়ী সমাধান কৰিবলৈ দাবী জনায়।উল্লেখিত দাবিসমূহ পূৰণ কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

ৰন্টু বৰশীইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments