তিনিচুকীয়াৰ হোটেল দা মিৰাণাত মিঠানেল যুক্ত M15 পেট্ৰলৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত হয় অঘটনটো ।
সভা চলি থকাৰ মাজতে মঞ্চৰ পিচফালে থকা স্ক্ৰীনত চলিল আশ্লীল ভিডিঅ’ ।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ লগতে ইণ্ডিয়ান অইলৰ কেইবা গৰাকীও শীৰ্ষ বিষয়া , তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ উপস্থিতিতে সংঘটিত হয় অঘটনটো ।
ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা উপায়ুক্তক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।
কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ’ল জানিব পৰা নাই যদিও ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়া জিলা আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সভাখনত কম্পিউটাৰ পৰিচালনা কৰা কম্পিউটাৰ অপাৰেটৰ গৰাকীক সোধা পোচা অব্যাহত ৰাখিছে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News