Wednesday, May 31, 2023
HomeAssameseতিনিচুকীয়াত প্ৰায় ১৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰে তিনিচুকীয়া আৰক্ষীয়ে

তিনিচুকীয়াত প্ৰায় ১৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰে তিনিচুকীয়া আৰক্ষীয়ে

জিলাখনৰ বিভিন্ন থানাত বিভিন্ন সময়ত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী খিনি বিনষ্ট কৰাৰ ব্যৱস্থা কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।

কোনো ধৰণৰ বায়ু প্ৰদূষণ নোহোৱাকৈ জ্বলাই দিয়াৰ পৰিবৰ্তে দুলিয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অত্যাধুনিক বিনষ্টকাৰী মেচিনৰ সহায়ত নিচাজাতীয় সামগ্ৰী খিনি বিনষ্ট কৰিবৰ বাবে লৈ যায় তিনিচুকীয়া আৰক্ষীয়ে ।

বিনষ্ট কৰিবলৈ লৈ যোৱা নিচাজাতীয় সামগ্ৰী খিনিত ৫০০ গ্ৰাম হিৰ‌ইন , প্ৰায় ৫ কেজি ব্ৰাউন চুগাৰ , প্ৰায় চাৰি কেজি কানীৰ লগতে ৮৪কেজি ভাং আৰু যথেষ্ট সংখ্যক নিচাজাতীয় টেবলেট থকাৰ কথা সাংবাদিকৰ আগত অৱগত কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments