Tuesday, March 21, 2023
HomeAssameseতিনিচুকীয়াত জাতীয় যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন

তিনিচুকীয়াত জাতীয় যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন

তিনিচুকীয়াত জাতীয় যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন

সোমবাৰে তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰেক্ষাগৃহত জাতীয় যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয় । জাতীয় যুৱ শক্তিৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰথম কায্যসূচী ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কায্যসূচীৰে আৰম্ভ হয়। পতাকা উত্তোলন কৰে জাতীয় যুৱ শক্তিৰ জিলা সভাপতি অনুপম দত্ত আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক উৎপল প্ৰতিম বৰাই । ইয়াৰ পাছতেই প্ৰতিনিধি সভা আৰু প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ কায্যসূচী আৰম্ভ হয় প্ৰতিনিধি সভা উদ্বোধন কৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতি (তদৰ্থ) ইজৰাইল নন্দই । জাতীয় যুৱ শক্তিৰ উক্ত অধিবেশনত অসম জাতীয় পৰিষদৰ সভাপতি লোৰিণজ্যোতি গগৈ উপস্থিত থাকি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । জাতীয় যুৱ শক্তিৰ প্ৰথম বাৰ্ষিক অধিবেশনত যুৱ শক্তিৰ সভানেত্ৰী লাকিমনি বৰুৱাৰ লগতে তিনিচুকীয়া জিলাৰ যুৱ শক্তিৰ সমূহ কৰ্মকর্তা উপস্থিত থাকে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News


 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments