তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিকৃতি দাহ
অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়া, বান সাহায্য প্ৰদান কৰা, বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা আদিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া থানা চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।উক্ত কাৰ্যসূচীৰ যোগেদি তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰায় ১৭ দফীয়া দাবী সম্বোলিতেৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পিছত স্মাৰক পত্ৰত গাঁঠি দিয়া দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।