প্ৰতি বছৰৰ দৰে এইবাৰো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা,তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আজি পহিলা বহাগৰ দিনা তিনিচুকীয়া চহৰৰ বিমলা প্ৰসাদ চলিহা নগৰ খেলপথাৰত আয়োজন কৰা হয় কেন্দ্ৰীয় মুকলি বিহু । পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰাই ,বিহুৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব যোগেশ বৰুৱাই । শ্বহীদ তৰ্পণ কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে । তাৰ পাছতেই বয়োজ্যেষ্ঠসকলকৰ পৰা আশীষ লৈ মুকলি বিহুলৈ আমন্ত্ৰণ কৰি অনা বিভিন্ন জনজাতীয় লোকসকলৰ নৃত্য সমূহ এই মঞ্চতে প্ৰদৰ্শন কৰে লগতে সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ৰাখে ।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া,Ne india news