Home Assamese তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত একাদশ কৰম সন্মিলন উদযাপন

তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত একাদশ কৰম সন্মিলন উদযাপন

142
তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত একাদশ কৰম সন্মিলন উদযাপন

তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত একাদশ কৰম সন্মিলন উদযাপন

বৃহস্পতিবাৰে তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত একাদশ কৰম সন্মিলন দুদিনীয়া কায্যসূচীৰে অনুষ্ঠিত হয়।

কৰম সন্মিলনৰ আজিৰ কায্যসূচী অনুসৰি পোৱা ৯ বজাত সাংস্কৃতিক পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ।

ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণ কায্যসূচী আৰম্ভ হয় ,স্মৃতি তৰ্পণ কৰে নগেন কুমাৰ আৰু অনুজ তাঁতীয়ে ।

 

তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সমিতিৰ উদ্যোগত  একাদশ কৰম সন্মিলন  উদযাপন

উক্ত কৰম সন্মিলনত অসম চৰকাৰৰ শ্ৰম আৰু কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষান সংবাদ মাধ্যমক জানিব দিয়া মতে কৰম উৎসৱ এতিয়া কেৱল চাহ জনগোষ্ঠীৰ মাজতেই সীমিত হৈ থকা নাই অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকে কৰম পৰ্বক আঁকোৱালি লৈছে ।

এই দুদিনীয়া কায্যসূচীৰ জৰিয়তে বৃহত্তৰ চাহ জনগোষ্ঠীৰ সমাজৰ কলা কৃষ্টি আৰু গীত মাত সমূহ পুনৰ উদ্ধাৰৰ লগতে প্ৰসাৰিত কৰাত উক্ত সন্মিলনে এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here