দেওবাৰে তিনিচুকীয়া নপুখুৰী স্থিত ঐতিহাসিক মৰুৎ নন্দন কানন প্ৰাংগণত পূৰ্বৰ পৰম্পৰা ধৰি ৰাখি, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সপ্তম বাৰ্ষিক মটক বিহু দিনজোৰা কাৰ্যসূচীৰে মটক জনগোষ্ঠীৰ সমূহ ৰাইজৰ লগতে তিনিচুকীয়া বিভিন্ন ভাষা ভাষী লোকে অতি উলহ মালহেৰে উদযাপন কৰা দেখা পৰিলক্ষিত হয় । কায্যসূচী অনুসৰি ৰাতিপুৱা পৰম্পৰা গত মটক জনোগোষ্ঠীৰ গছতলৰ বিহু , হুঁচৰি ,কোলাবৰী নৃত্য মটক জনগোষ্ঠীৰ সকলো সাংস্কৃতিক উপাদান সমুহ একৰ্টিত কৰি সুন্দৰকৈ বিহু উদযাপন কৰে । মটক জনগোষ্ঠীৰ তিনিচুকীয়া জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ডেকা গাভৰুৱে জাতীয় পৰম্পৰা মতে সমূৰ্ণ ৰীতি নীতিৰে এপাক বিহু নচা দেখা যায় ।এই বিহুৰ কায্যসূচীতেই অসমৰ জনপ্ৰিয় ইউ টিউবাৰ দিম্পু বৰুৱাও উপস্থিত থাকে আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সমূহ বিষয় ববীয়াৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News