Wednesday, May 24, 2023
HomeAssameseতিনিচুকীয়াত উৰণীয়া হেতুৰ লোহা কাটি অবৈধ ভাৱে নিৰ্মান কৰা বাসগৃহ মালিকৰ ওপৰত...

তিনিচুকীয়াত উৰণীয়া হেতুৰ লোহা কাটি অবৈধ ভাৱে নিৰ্মান কৰা বাসগৃহ মালিকৰ ওপৰত জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন

ৰাজহুৱা সম্পত্তিক ধ্বংস কৰি বাণিজ্যিক নগৰী তিনিচুকীয়াত এটি অবৈধ ঘৰ নিৰ্মান কৰা অজয় জয়ছোৱাল নামৰ ব্যক্তি এজনৰ ওপৰত এইবাৰ গৰজি উঠিছে পৰিবেশ সুৰক্ষা সমিতি অসমকে ধৰি বিভিন্ন স্থানীয় দল সংগঠন । উল্লেখযোগ্য যে তিনিচুকীয়া নপুখুৰী উৰণীয়া সেতুৰ লোহা ভাঙি নিজৰ ঘৰ বনাবলৈ লোৱা ব্যক্তিজনৰ ওপৰত এতিয়া গৰজি উঠিছে তিনিচুকীয়াৰ দল সংগঠনসমূহ । পৰিবেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ ঋতুৰাজ বৰুৱাই তিনিচুকীয়া পৌৰসভাৰ অভিযন্তা জ্যোতি প্ৰসাদ দাসে কেনেকৈ ৰাজহুৱা সম্পত্তি ভাঙি ব্যক্তিগত কাম কৰাবলৈ অনুমতি প্ৰদান কৰিলে তাকে লৈ প্ৰশ্ন কৰিছে আৰু এনে কাৰ্যক ধিক্কাৰ জনায় ইয়াৰ ওপৰত এক বিহীত ব্যৱস্থা লবলৈ জিলা উপায়ুক্ত আৰু পৌৰপতিক দাবী জনায় । এনেদৰে যদি নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে তেন্তে ইয়াৰ ওপৰত এক অভিযোগ দাখিল কৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments