Monday, May 22, 2023
HomeAssameseতিনিচুকীয়াত উপস্থিত আনন্দ মিশ্রৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল...

তিনিচুকীয়াত উপস্থিত আনন্দ মিশ্রৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল দল

বৃহস্পতিবাৰে অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল দল উপস্থিত হয় তিনিচুকীয়াত ।   ৰাষ্ট্ৰপতিৰ পৰা  অসম আৰক্ষীয়ে President’s Colour  সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত  অসমৰ ২৭ খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ১ মে’ৰ দিনা ধুবুৰীৰ পৰা  যাত্ৰা  আৰম্ভ কৰা অসম আৰক্ষীৰ” ৰাইড অফ প্ৰাইড ” মটৰচাইকেল ৰেলীক তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে তিনিচুকীয়া  আৰক্ষী অধীক্ষক ৰ কাৰ্যলয়ত উষ্ম আদৰণি জনোৱা হয় ।অসম আৰক্ষীৰ  সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া সকলক তিনিচুকীয়া  জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ বাইক ৰেলীৰে আদৰি লৈ যোৱা হয়  । উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ এক বৃহৎ সফলতা ।  অসম আৰক্ষীৰ সহকাৰী উপ মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল অভিযানকাৰী সকলে অসমৰ ২৭খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৭মে’ৰ দিনা গুৱাহাটীত উপস্থিত হ’ব। আনহাতে ১০মে’ৰ দিনা  গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত  ভাৰতৰ গৃহ মন্ত্ৰী অমৃত শ্বাহে অসম আৰক্ষীক ভাৰতৰ ৰাষ্ট্ৰপতিৰহৈ Presidents Colour  প্ৰদান কৰিব। উল্লেখ্যযে Presidents Colour সন্মানৰে সন্মানিত অসম আৰক্ষী দেশৰ দশমখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী।


ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments