মঙ্গলবাৰে তিনিচুকীয়া লালবঙ্গলাৰ লগতে সকলো মজজিদতে পোৱাৰ ঈ ড উল ফিটৰৰ নামাজ পঢ়ে মুছলমান ধৰ্মালম্বী লোকসকলে । ইয়াৰ পিছতে তিনিচুকীয়াৰ মোহৰম এছোচিয়েচনৰ উদ্যোগত এখনি ৰাজহুৱা সভাৰ অনুষ্ঠিত কৰে ।বিগত দুটা বছৰৰ পিছত সমুহীয়াকৈ পঢ়িলে নামাজ।
অন্ত পৰিল এমাহ জোৰা উপবাসৰ,সমন্বয় আৰু শান্তিৰ বানী লৈ পুনৰ আহিল ঈদ।
ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে মঙ্গলবাৰে পালন কৰিলে পৱিত্ৰ ঈদ উল ফিতৰ। ঈদ উপলক্ষে তিনিচুকীয়াৰ লোকসকলে পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উপলক্ষে সমুহীয়া নামাজ আদায় কৰে। ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ অন্তত অনুষ্ঠিত প্ৰেম আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে প্ৰায় ২ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে বিগত ২ টা বৰ্ষ কভিড সৃষ্ট পৰিৱেশৰ বাবে সমূহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল। এইবেলি ঈদত সকলোৰে মাজত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। উক্ত সভাত তিনিচুকীয়াৰ হিন্দু আৰু মুছলিম সকলো ধৰ্মালম্বী লোকে অংশগ্ৰহণ কৰে ।
আনহাতে,
এমাহ জোৰা ৰোজাৰ শেষত আজি ঈদ-উল-ফিটৰ পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।
সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ মালহেৰে ঈদ-উল-ফিটৰ পালন কৰিলে মঙলদৈৰ ইছলাম ধৰ্মী লোকসকলে ।
মঙলদৈৰ প্ৰায় সকলো ইছলাম ধৰ্মী লোক ওলাই আহিল মঙলদৈ ঈদগাহ ময়দানলৈ।
নামাজৰ যোগেদি আল্লাৰ ওচৰত দোৱা কৰিছে বিশ্ব শান্তি আৰু ভাতৃত্ব বোধৰ।
তিনিচুকিয়াৰ ৰন্টু বৰশইকীয়া আৰু মঙলদৈৰ পৰা পংকজ সৰকাৰ ৰিপৰ্ট , Ne India News