Monday, March 27, 2023
HomeUncategorizedতিনিচুকীয়াত আতংক ! বেংকৰ সন্মুখতে ফুটিল গুলি

তিনিচুকীয়াত আতংক ! বেংকৰ সন্মুখতে ফুটিল গুলি

তিনিচুকীয়াত আতংক ! বেংকৰ সন্মুখতে ফুটিল গুলি

তিনিচুকীয়াৰ ষ্টেট বেংকৰ প্ৰধান শাখাৰ সন্মুখত সংঘটিত হৈছে এক গুলীবৰ্ষণৰ ঘটনা।
ৰাইজৰ মাজত সৃষ্টি হৈছে ভয় আৰু আতংকৰ পৰিবেশ।

তিনিচুকীয়া চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰধান কাৰ্যালয়। বেংকৰ কাম কাজৰ বাবে প্ৰতিদিন উক্ত শাখাত গ্ৰাহকৰ ভীৰ পৰিলক্ষিত হয়। অনুৰূপ আজিৰ দিনটোতো বেংকৰ কাম কাজ চলাকালীন বেংকৰ সন্মুখতে ঘটিল এক ঘটনা ।

বেংকৰ এগৰাকী নিৰাপত্তা ৰক্ষীৰ বন্দুকৰ পৰা হঠাতে ফুটি উঠিল গুলি। গ্ৰাহকেৰে গিজগিজাই থকা উক্ত ঠাইত গুলি ফুটাৰ শব্দ শুনাৰ পাছতেই উক্ত অঞ্চলত আতংকময় পৰিবেশৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে তিনিচুকীয়া আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ বেংকৰ নিৰাপত্তা ৰক্ষী জনক সোধপোছৰ বাবে আটক কৰি থানা লৈ লৈ যায়।

তিনিচুকীয়াত আতংক ! বেংকৰ সন্মুখতে ফুটিল গুলি

জানিব পৰা মতে। ষ্টেট বেংকৰ পৰা টকা বহন কৰি বেংকৰ গাড়ীৰে চহৰ খনত থকা বিভিন্ন এ টি এমত জমা কৰা হয় ।

আজি ও তেনে কাম কাজ কৰাৰ সময়ত গাড়ী খনৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা ৰক্ষী জনৰ বন্দুকৰ পৰা পৰা ভুল বশতঃ ফুটি উঠিল এটা গুলি।

গুলি ফুটাৰ সময়ত নিৰাপত্তা ৰক্ষীজন গাড়ীৰ ভিতৰত থকাৰ বাবে তথা গাড়ীৰ ভিতৰত গুলি ফুটাৰ বাবে কোনো ব্যক্তি আহত নহ’ল আৰু এটা অঘটনৰ পৰা ৰক্ষা পৰিল উক্ত অঞ্চল।

বৰ্তমানে উক্ত ঘটনাই ব্যপক চৰ্চা লাভ কৰিছে। আনফালে উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments