Tuesday, March 21, 2023
HomeAssameseতিনিচুকীয়াত অবৈধ বালি ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

তিনিচুকীয়াত অবৈধ বালি ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

তিনিচুকীয়াত অবৈধ বালি ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

সোমবাৰে ৰাতিপুৱা মটক যুৱ ছাত্ৰ সন্মিলনে কেইবাখনো বালি কঢ়িওৱা ট্ৰাক নিৰীক্ষণ কৰাত জোলোঙাৰ মেকুৰী ওলোৱাৰ দৰে গ্ৰাহকক বালি ব্যৱসায়ীয়ে কৰা প্ৰতাৰণা আৰু চৰকাৰী কৰ পৰিশোধ নকৰাকৈ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মটক যুৱ ছাত্ৰ সন্মিলনে শীঘ্ৰেই প্ৰশাস নক দাবী জনায় যে কেনেকৈ তিনি চাৰিখন আৰক্ষী থানা অতিক্ৰম কৰি এনে কাৰ্যকলাপ চলি আছে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰে । মটক যুৱ ছাত্ৰ সন্মিলনৰ নিৰীক্ষণত ধৰা পৰা এই ট্ৰাক সমূহ নাহৰকটিয়া অঞ্চলৰ টিপলিং ঘাটৰ বুলি জানিব পৰা গৈছে । উক্ত বালি কঢ়িওৱা ট্ৰাকসমূহ সন্মিলনে পৰিবহন বিভাগক গতাই দিয়ে । সন্মিলনৰ বিষয়ববীয়া সকলে প্ৰশাসনে চকু মুদাৰ কুলিৰ দৰে বহি নাথাকি তদন্ত আৰম্ভ কৰিবলৈ দাবী জনায় । উক্ত বালি কঢ়িওৱা ট্ৰাকখন খনৰ নম্বৰ হৈছে AS 23 B 9524 ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments