Saturday, March 18, 2023
HomeAssameseতিনিচুকীয়া ৰে'লৱে আৰক্ষীৰ অভিযান ! জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

তিনিচুকীয়া ৰে’লৱে আৰক্ষীৰ অভিযান ! জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

বুধবাৰে নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত ৰে’লৱে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ ৷

15603 নম্বৰৰ কামাখ্যা লিডু এক্সপ্ৰেছত দুই যুৱতীৰ পৰা জব্দ কৰে সন্দেহজনক ব্ৰাউন চুগাৰখিনি ৷

জব্দ কৰা ব্ৰাউন চুগাৰখিনি পৰিমাণ প্ৰায় ৩.৫০ কোটি টকাৰ ৷

মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা দুলীয়াজানলৈ বুলি ৰে’লেৰে কঢ়িয়াই অনাৰ সময়তে বিশেষ খৱৰৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷

ইতিমধ্যে দুয়োগৰাকী যুৱতীক তিনিচুকীয়া ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments