তিনিচুকীয়া পৌৰ সভাৰ কাণ্ডজ্ঞান হীনতাৰ বাবে জিয়াতু ভুগিছে অঞ্চল টোৰ ৰাইজ
তিনিচুকীয়াত ৰাস্তাৰ কাষৰ নলা বন্ধ থকাৰ পৰিপেক্ষিতত পথৰ ওপৰদি বৈছে পানী । আনহাতে ৰাস্তাৰ কাষত অবৈধ গাড়ী পাৰ্কিং আৰু পদ পথসমূহত বেপাৰীৰ ঠেলা গাড়ীৰ উৎপাতত সাধাৰণ জনতাৰ জীৱন দুৰ্বিহ হৈ উঠিছে।
তিনিচুকীয়া খন যে এখন অবৈজ্ঞানিক চহৰ –ই অতি সম্প্ৰতি জলজলপটপট হৈ উঠিছে৷
স্থানীয় পৌৰসভাই মাথোঁ লেচীৰ যোগেদি ধন সংগ্ৰহত ব্যস্ত । আনহাতে তিনিচুকীয়াত বিজ্ঞানসন্মত গাড়ী পাৰ্কিঙৰ অভাৱত ৰাইজে পথৰ ওপৰতে গাড়ী পাৰ্কিং কৰিবলগীয়া হৈছে।
পৌৰসভায়ো এই বিষয়টো মীমাংসাৰ ,সলনি লেচীৰ যোগেদি টকা সংগ্ৰহ কৰাতহে ব্যস্ত । তিনিচুকীয়াৰ একাংশ ধনবান ব্যৱসায়ীয়ে নিজ নিজ প্ৰতিষ্ঠানৰ সন্মুখত দিনৰ লগতে ৰাতিও চৰকাৰী আলিবাট আৱদ্ধকৰি গাড়ী পাৰ্কিং কৰাটো এতিয়া তিনিচুকীয়াত সাধাৰণ কথা৷
বণিয়াগোষ্ঠীৰ পকেটত থকা বহু সংগঠনে এইবোৰ দেখিও নেদেখাৰ ভাও জুৰাটো সচেতন ৰাইজে ভালকৈয়ে উপলব্ধি কৰিব পাৰিছে৷
অতিব্যস্ত এই চহৰখনত অটো-ই ৰিক্সা,ঠেলা-ৰিক্সাৰ যান যঁটৰ বাবে ৰাইজে ত্ৰাহি মধুসুদন দেখিছে৷৷
তিনিচুকীয়া পৌৰসভাই ক্ষীপ্ৰ পদক্ষেপ লৈ তিনিচুকীয়া চহৰখনৰ এনে কদৰ্যময় ৰূপৰ এক আমুল পৰিবৰ্তন সাধনৰ ক্ষেত্ৰত পৌৰসভাই এটি সমুচিত পদক্ষেপ লব বুলি ৰাইজ খুবেই আশাবাদী৷
বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News