তিনিচুকীয়াৰ গুইজানত আয়োজন অসম চাহ কৰ্মচাৰী সংঘৰ ৭৫ তম হীৰক জয়ন্তী
পানীতোলা শাখাৰ সৌজন্যত ৰঙাগৰা আৰু নলনি প্ৰাথমিক গোটৰ সহযোগ ত তিনিচুকীয়া জিলাৰ গুইজানৰ নলনি চাহ বাগিচাৰ প্ৰেক্ষাগৃহত দেওবাৰে অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তীৰ অনুষ্ঠান দিনযোৰা কায্যসূচীৰে অনুষ্ঠিত হয় ।
পুৱা ৯বজাত পতাকা উত্তোলন , স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপন আদি কাৰ্যসূচী ৰে আৰম্ভ কৰা হয় । পতাকা উত্তোলন কৰে অসম চাহ কৰ্মচাৰী সংঘৰ সভাপতি মণিৰাম গগৈয়ে ।

স্মৃতি তৰ্পণ কৰে নলনী চাহ বাগিচাৰ মুখ্য পৰিচালক প্ৰাণজিত বৰুৱাই ।বৃক্ষৰূপোন কায্যসূচীত পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰম্ভ কৰাৰ পাছতেই সংঘৰ বিষয়ববীয়া সকলে বৃক্ষৰূপোন কৰে ।
উক্ত অনুষ্ঠানত ডিব্ৰুগড়, ডুমডুমা,তিংৰাই আদি ভিন্ন শাখাৰ প্ৰতিনিধি সকলক সম্বৰ্ধনা জনোৱা হয়। তিনিচুকীয়া জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত,পি এফ কমিছনাৰ কে আদি কৰি বহু গণ্য মান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
এদিনীয়া কাৰ্য্যসূচী ৰে অনুষ্ঠিত উক্ত হিৰক জয়ন্তী সমাৰোহত অসম চাহ কৰ্মচাৰী সংঘই কৰ্মচাৰী সকলৰ হিতৰ অৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।