তিনিচুকীয়াৰ কাকপথাৰত আলফা (স্বা)- সেনাবাহিনীৰ প্ৰচণ্ড গুলিয়াগুলি
তিনিচুকীয়াৰ কাকপথাৰ দ-পথাৰত প্ৰচণ্ড গুলিয়াগুলি ঘটনা। আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ। আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬ জনীয়া দলৰ সৈতে এই সংঘৰ্ষ। দুয়োপক্ষৰ মাজত গুলিয়াগুলি, গ্ৰেণ্ডেড বিস্ফোৰণ। সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চেপা উত্তেজনা। ঘটনাত আলফা(স্বা)ৰ সদস্য আহত হোৱাৰ সন্দেহ। ভাৰতীয় সেনাৰ আসাম ৰেজিমেন্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অব্যাহত আছে অভিযান। ঘটনাস্থলীলৈ ৰাওনা হৈছে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰী। সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা। বৰ্তমান সময়ত খবৰ লাভ কৰা অনুসৰি আলফা (স্বা) ৰ এজন সদস্য নিহত হৈছে বুলি জানিব পৰা গৈছে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News