তিনিচুকীয়াত মৎস্য ব্যবসায়ী সন্থা আৰু মিলিজুলি পূজা সমিতিৰ গণেশ পূজা উদযাপন
আজি গণেশ চতুৰ্থী।ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ অসমৰ তিনিচুকীয়া জিলাতো উলহ মালহেৰে আয়োজন কৰা হৈছে গণেশ পূজা।তিনিচুকীয়া মৎস্য ব্যৱসায়ী সন্থা আৰু মিলিজুলি পূজা সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা গণেশ পূজা ।

২৬ টা বৰ্ষত ভৰি দিছে এই পুজাখনে । ১০১ কেজি বুন্দিয়া লাড়ুৰ মহা ভোগ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে । পূজাখনৰ ২১ ফুট ৬ ইঞ্চি উচ্চতাৰ মূৰ্তি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ।
গ্ৰামীণ পৰিবেশক, থিম হিচাপে লৈ উক্ত পূজা কমিটীয়ে পেণ্ডেল নিৰ্মাণ কৰিছে, যত আছে কৃষকে হাল বোৱা আৰ্হি , চেৰেকি আদি বিভিন্ন বস্তুৰ আৰ্হি।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News