তিনিচুকীয়াত কাপোৰৰ বৃহৎ ছিণ্ডিকেট
তিনিচুকীয়াত লোহিয়া ৰডত অবৈধ কাপোৰ জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে । কৰ ফাঁকিৰে বহি:ৰাজ্যৰ পৰা তিনিচুকীয়ালৈ আনিছিল কাপোৰখিনি ।
তিনিচুকীয়াৰ এটা অসাধু ব্যৱসায়ী চক্ৰই কাপোৰৰ ক’লা ব্যৱসায় চলাই থকাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছতে সোমবাৰে তিনিচুকীয়াৰ এখন অবৈধ কাপোৰ ভৰ্তি ট্ৰাক লোহিয়া ৰডত জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে ।

আৰক্ষীয়ে জব্দ কৰা কাপোৰখিনি তিনিচুকীয়াৰ এটা অসাধু ব্যৱসায়ী চক্ৰই কৰ ফাঁকিৰে অবৈধভাৱে বহি:ৰাজ্যৰ পৰা তিনিচুকীয়ালৈ আনিছিল বুলি জানিব পৰা গৈছে ।
বহি:ৰাজ্যৰ পৰা ৰেলেৰে অবৈধভাৱে তিনিচুকীয়ালৈ অনাৰ পিছতে পুনৰ বিভিন্ন স্থানত দিয়াৰ উদ্দেশ্য লৈ যোৱাৰ সময়তে কেইটা মজুত সোমবাৰে পুৱা জব্দ কৰি তিনিচুকীয়া সদৰ থানালৈ লৈ আহে তিনিচুকীয়া আৰক্ষীয়ে ।
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে কাপোৰৰ অবৈধ ব্যৱসায়ৰ লগত জৰিত লোকক অতিশীঘ্ৰে আটক কৰা হ’ব বুলি মন্তব্য কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।