তিনিচুকীয়াত উপ ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস ২০২২
উপ ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস ২০২২ উপলক্ষে তিনিচুকীয়াৰ আশা গৃহ ত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এদিনীয়া জিলা পৰ্যায়ৰ কৰ্মশালা ৰ আয়োজন কৰা হৈছে।
৩ ছেপ্টেম্বৰ তাৰিখে পুৱা ১০:৩০ বজাত বৰদলৈ নগৰ ৰ আশা গৃহত আয়োজন কৰা হৈছে কৰ্মশালা খনি।অহা ১৮ ছেপ্টেম্বৰ তাৰিখে আয়োজন কৰা হব পলিও দিৱস আৰু উক্ত দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আজিৰ কৰ্মশালা খনি।

জন্মৰ পৰা ৫ বছৰ বয়স ৰ শিশুক ১৮ তাৰিখৰ পৰা পলিয় টীকা প্ৰদান কৰা হব
কিছুদিন পূৰ্বে কলকাতা ত ধৰা পৰিছিল এটা ৱাইল্ড পলিও ভাইৰাছ আৰু যিহেতু অসম খন কলকাতাৰ নিচেই কাষত অৱস্থিত সেইয়েহে অসম খন ক পলিও ভাইৰাছ ৰ পৰা মুক্ত কৰাৰ উদেশ্যে অসমৰ বহু কেইখন জিলা ত ১৮ ছেপটেম্বৰ ৰ পৰা পলিয় টিকাকৰণ কৰা হব।
read more–জাগুনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News