Saturday, March 25, 2023
HomeAssameseতিনিচুকীয়াত উচ্ছেদ অভিযানক লৈ বিতৰ্কত তিনিচুকীয়া পৌৰসভা

তিনিচুকীয়াত উচ্ছেদ অভিযানক লৈ বিতৰ্কত তিনিচুকীয়া পৌৰসভা

তিনিচুকীয়াত উচ্ছেদ অভিযানক লৈ বিতৰ্কত তিনিচুকীয়া পৌৰসভা

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত তিনিচুকীয়া জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত পৌৰসভাৰ বিতর্কিত ভূমিকাক লৈ সৰৱ হৈ পৰিছে পৰিৱেশ সুৰক্ষা সমিতি, অসম। পৰিৱেশ সংস্থাটোৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই তিনিচুকীয়া জিলা প্ৰশাসনৰ অবৈধ দখলৰ বিৰুদ্ধে চলোৱা অভিযানক আদৰণি জনাইছে যদিও তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত শ্রীপুৰীয়াত চলোৱা উচ্ছেদ অভিযানত তিনিচুকীয়া পৌৰসভাৰ দুমুখীয়া ভূমিকাক সমালোচনা কৰিছে। পৰিৱেশ সংস্থাটোৰ সভাপতিগৰাকীৰ অভিযোগ অনুসৰি শ্ৰীপুৰীয়াত চলোৱা উচ্ছেদ অভিযানত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰপৰা তথা ঘৰসমূহ নিৰ্মাণৰ বাবে পৌৰসভাই অনুমোদন জনাইছিল আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰপৰা নিয়মীয়াকৈ কৰ আৰু ভাডা সংগ্ৰহ কৰি আহিছিল। এই ক্ষেত্ৰত তিনিচুকীয়া পৌৰসভাই অন্যান্যসকলৰ দৰেই জনৈক ব্যৱসায়ী ৰঞ্জন কলিতাৰ পৰা ভাড়া সংগ্ৰহৰ স্পষ্ট প্রমাণ আছে। তৎসত্ত্বেও ৰেলৱে’ কর্তৃপক্ষই কিদৰে সংশ্লিষ্ট আৱাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হ’ল তাক লৈ বিতৰ্কৰ অৱকাশ আছে। পৌৰসভাৰ এনে অস্পষ্ট ভূমিকাৰ বাবেই ৰেলৱে’ৰ উচ্ছেদ অভিযানত নিৰীহ লোক ক্ষতিগ্ৰস্ত হ’বলগীয়া হ’ল। এই ক্ষতিৰ মূল্য পৌৰসভাই বহন কৰাৰ উপৰি যি ভাড়া আৰু মাচুল পৌৰসভাই আদায় কৰি আছিল সেয়া ঘুৰাই দিবালৈ পৌৰসভা বাধ্য বুলিও সংস্থাটোৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে। অন্যহাতে তিনিচুকীয়া জিলা প্রশাসনে তিনিচুকীয়াৰ বৰবজাৰ, থানা চাৰিআলি, ন-পুখুৰীস্থিত উৰণীয়া সেতুৰ সমীপভাগ আৰু তিনিচুকীয়া চহৰৰ বিভিন্ন ঠাইত অৱস্থিত অবৈধ ব্যৱসায়িক প্রতিষ্ঠান, আৱাসগৃহসমূহ উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে পৰিৱেশ সংস্থাটোৱে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments