তিনিচুকীয়াৰ আসাম এজেঞ্চি পেট্ৰল পাম্পৰ সমীপত বৃহস্পতিবাৰে নিশা হত্যাকাণ্ড
দূৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা পিন্টু শৰ্মা নামৰ লোক এজনক ।
নিহত পিন্টু শৰ্মাৰ ঘৰ তিনিচুকীয়াৰ পৰ্বতীয়াত
এই ঘটনাত বিকি দাস নামৰ অন্য এজন লোকো আহত হয় ।
বিকি দাসক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
ঘটনাক লৈ তিনিচুকীয়া আৰক্ষীৰ তদন্ত আৰম্ভ ।
পিন্টুৰ ভাতৃয়ে জানিব দিয়া অনুসৰি As23 Cc3237 নম্বৰৰ বাহনখনে জাগুনৰ পৰা ঘৰ উভতাৰ পথত সংঘটিত হয় হত্যাকাণ্ডটো ৷
ইতিমধ্যে পুৱাই তিনিচুকীয়া সদৰ আৰক্ষী থানাত পিন্টুৰ পৰিয়ালৰ লোক উপস্থিত হৈ দাখিল কৰিছে এজাহাৰ ৷
ৰন্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News