তালাপ চাহ-বাগিছাৰ কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীন কাৰ্য

11

তালাপ চাহ-বাগিছাৰ কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীন কাৰ্য

মইনা নায়কৰ ঘটনা মাৰ নৌ যাঁওতেই পুণৰ তিনিচুকীয়াৰ তালাপ চাহ বাগনৰ কল ঘৰৰ ৰোলাৰ মেছিনত সোমাল বিনোদ মিঞ্জ নামৰ এজন ত্ৰিশ বছৰীয়া শ্ৰমিকৰ শৰীৰ।

শ্ৰমিক জনৰ শৰীৰৰ বিভিন্ন স্থানৰ লগতে মুৰৰ পিছফালে কেইবা স্থানতো আঘাটৰ চিন।

ঘটনা গাপ দিয়াৰ চেষ্ট্ৰা বাগান কতৃপক্ষৰ।তিনি দিনে চিটি স্কেন,এক্স ৰে অবিহনে মাকুমৰ লংচোৱাল বাগানৰ চিকিৎসালয়ৰ বিচনাত চটফটাইছে দুই সন্তানৰ পিতৃয়ে।উন্নত চিকিৎসা বিচাৰি সংবাদ মাধ্যমৰ সন্মূখত উচুপি উঠিল বিনোদ মিঞ্জৰ পত্নীয়ে।ঘটনা তিনিদিন পাৰ হোৱাৰ পিছটো শ্ৰম বিভাগক অৱগত নকৰাৰ অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ।

ঘটনাৰ উচিৎ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী জনালে চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি জগত নায়কে।চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি নেখেলিবলৈ বাগান কতৃপক্ষক সকীয়নি চাহ জনজাতি ছাত্ৰ সন্থাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here