তামুলপুৰ সমষ্টিৰ নিৰ্দলীয়া প্ৰাৰ্থী যশোবন্ত চৌহানৰ সংবাদমেল

0
185

 

তামুলপুৰ সমষ্টিৰ নিৰ্দলীয়া প্ৰাৰ্থী যশোবন্ত চৌহানৰ সংবাদমেল

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে নিৰ্দলীয় প্ৰাৰ্থী সকলো নামি পৰিছে প্ৰচাৰ অভিযানত । মুঠ আঠ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ জেষ্ঠ পুত্ৰ যশোৱন্ত চৌহানো অন্যতম এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী । যশোবন্ত চৌহানেও সমষ্টিটোৰ চুকে কোনে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে । ইয়াৰ মাজতেই যশোৱন্ত চৌহানে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয়

 বিগত পয়ত্ৰিশ বছৰে তামুলপুৰ সমষ্টিৰ ৰাইজে বিভিন্ন সমস্যাত ভুগি আছে আৰু আমি মুখ্য ভূমিকা লৈ সদায় ৰাইজৰ হৈ মাত মাতি আছো ।

বিপিএফৰ সোতৰ বছৰে তামুলপুৰৰ ৰাইজে মৌলিক অধিকাৰৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে । মাটি-বাৰীৰ সমস্যা, ডি ভোটাৰৰ সমস্যা, সংস্হাপনৰ সমস্যা আদিত ৰাইজ ভুগি আছে । গতিকে এই ক্ষেত্ৰত মই সঘনাই মাত মাতি আছো আৰু বিভিন্ন জনগোষ্ঠীৰ সহাৰিও লাভ কৰিছো । সেয়েহে এইবাৰ তামুলপুৰ সমষ্টিৰ পৰা মোৰ বিজয় সুনিশ্চিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here