তামুলপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

0
183

 

তামুলপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসেও নিজৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । নিজৰ সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে গৈ, ঘৰে ঘৰে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে । তামুলপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দমন পাটোৱাৰী আৰু তেওঁৰ সহকৰ্মীসকল।
আজি তামুলপুৰত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কয় —
“তামুলপুৰত এইবাৰ দুটা শক্তিশালী দলে মোৰ বিৰুদ্ধে অপ-প্ৰচাৰ কৰি আছে । মই তেওঁলোকক চোৰৰ দল বুলি কওঁ । ৰাইজৰ দল কাৰো ওচৰত বিক্ৰী যোৱা দল নহয় । ৰাইজৰ দল এটি আপোচবিহীন ৰাজনৈতিক দল ।”

ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসে লগতে কয় ” অখিল গগৈৰ যি নীতি আদৰ্শ তাৰ প্ৰতি সন্মান জনাই এইবাৰ তামুলপুৰ সমষ্টিত ৰাইজে মোক ভোটদান কৰিব।
মোৰ প্ৰতিদ্বন্দী হিচাপে এইবাৰ তামুলপুৰত কোনো প্ৰাৰ্থী নাই আৰু মোৰ বিজয় সুনিশ্চিত।
মই জয়ী হলে কৃষক ৰাইজৰ হৈ কাম কৰিম আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিয়াৰ বাবে ব্যৱস্থা কৰিম ।” 

আৰ বৰ্মন , তামুলপুৰ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here