Saturday, May 27, 2023
HomeAssameseতামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি তুংগত !৪ মে'ত উপস্থিত থাকিব ৰাষ্ট্ৰপতি...

তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি তুংগত !৪ মে’ত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ

তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি তুংগত। ৪ মে’ত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ। বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনখনি অহা ২ , ৩ আৰু ৪ মে’ ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব।প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্থানত অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশন।

অধিবেশনৰ আটাইবোৰ কাৰ্যসূচী পৰিচালনা কৰাৰ অৰ্থে বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাসক সভাপতি আৰু সমাজকৰ্মী ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ।কেইবাখনো উপ সমিতি গঠন কৰি অধিবেশনৰ সফল ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে ।

শ-শ শ্ৰমিক কৰ্মচাৰীয়ে দিনে নিশাই ভাগে ভাগে কাম কাজ চলাই গৈ আছে । বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বিভিন্ন কাম কাজৰ তদাৰক কৰি আছে । বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজাববীয়াকৈ তদাৰক কৰিছে অধিবেশনৰ কাম কাজৰ।

একেৰাহে দুদিন অধিবেশনস্থলীত উপস্থিত হৈ অধিবেশনৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে প্ৰমোদ বড়োয়ে । বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, এমচিএলএ পৱিত্ৰ বড়োয়েও উপস্থিত থাকি অধিবেশনৰ কাম কাজৰ তদাৰক কৰি আছে ।

অধিবেশনস্থলীত প্ৰমোদ বড়োৱে কাম কাজ তদাৰক কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়-

পূৰ্ণোদ্যমে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ কাম কাজ চলি আছে । আমি বিশেষভাৱে আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ ভাৰতৰ প্ৰথম নাগৰিক, ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশনৰ ৪ মে’ত অনুষ্ঠিত হব লগা মুকলি অধিবেশনত অংশগ্ৰহণ কৰিব।

এই দিনটো তামুলপুৰবাসীৰ , বড়ো সাহিত্য সভা আৰু বিটিআৰ বাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হব ।

তেওঁ কয় – বড়ো সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে অকল তামুলপুৰবাসীয়েই নহয় সমগ্ৰ বিটিআৰবাসীয়ে সাজু হৈছে । অধিবেশনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপৰি অসমৰ ৰাজ্যপাল , অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আন তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব । জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা প্ৰমোদ বড়োৰ।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় —১৯৫২ চনত জন্ম লাভ কৰা বড়ো সাহিত্য সভাই সাহিত্য , সংস্কৃতি , ভাষাৰ উন্নয়নৰ বাবে কাম কৰি অহাৰ উপৰিও জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু অধিকাৰৰ বাবে মাত মতাৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে ।বড়ো জনগোষ্ঠীৰ লোক সকলে বড়ো সাহিত্য সভাক অভিভাৱক হিচাপে গণ্য কৰি আহিছে।

ৰজনী বৰ্মন , তামুলপুৰ ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments