জ্ঞানব্যাপী মজজিদত আদালতৰ অনুসন্ধান দলে হিন্দু দেৱ-দেৱীৰ , মন্দিৰ থকাৰ দাবীৰ অনুসন্ধানৰ মাজতে আন এক খৱৰে সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে । এলাহাবাদ আদালতৰ লক্ষ্ণো বেন্সত এক আবেদন দাখিল কৰিছে ডাঃ ৰাজনীশ সিং নামৰ ব্যক্তিগৰাকীয়ে । আবেদনত ডাঃ সিঙে দাবী কৰিছে তাজমহলৰ বন্ধ কোঠা সমুহৰ ভিতৰত আছে হিন্দু দেৱ দেৱীৰ মুৰ্তি । অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙৰ যোগেৰে দাখিল কৰা আবেদনত ডাঃ সিঙে উল্লেখ কৰিছে , তাজমহলত হিন্দু মন্দিৰৰ অস্তিত্ব আছে বুলি দাবী কৰি আহিছে হিন্দু ধৰ্মালম্বী সকলে । তাজমহলত এক শিৱ মন্দিৰ আছিল যি তেজী মহালয় নামে প্ৰখ্যাত আছিল । যত পিচলৈ তাজমহল নিৰ্মাণ কৰা হৈছিল । ডাঃ ৰাজনীশ সিঙৰ দাবী তাজমহলৰ বন্ধ হৈ থকা ২২ টা কোঠা খোলাৰ অনুমতি দিয়ক আৰু তাত ASI ৰ দ্বাৰা অনুসন্ধান কৰক । ডাঃ সিঙৰ দাবী সেই ২২ টা বন্ধ কোঠাত হিন্দু দেৱ দেৱীৰ মুৰ্তি বিৰাজমান হৈ আছে ।
National Desk , Ne India news