Friday, March 17, 2023
HomeAssameseড্ৰাগছ সেৱনকাৰীক উত্তম মধ্যম শোধাই আৰক্ষীক গতালে গাঁওবাসীয়ে

ড্ৰাগছ সেৱনকাৰীক উত্তম মধ্যম শোধাই আৰক্ষীক গতালে গাঁওবাসীয়ে

অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা থানাৰ অন্তৰ্গত ২নং বেতনি গাওঁৰ দিনেশ মৰাণ নামৰ লোক জনৰ ঘৰত নিশা প্ৰায় ১০ মান বজাত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে আটক কৰি উত্তম মধ্যম শোধাই নিশাই আৰক্ষীক গটালে চৰিফ মৰাণ (৩১) নামৰ লোকজনক । অৱশ্যে গাওঁৰে ড্ৰাগছ যোগান ধৰা সৰবৰাহকাৰি দিপেন মৰাণে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে গাওঁবাসীৰ অভিযোগ অনুসৰী দিনেশ মৰাণ নামৰ লোক জনৰ ঘৰত বহুদিনৰ পৰাই এনেধৰণৰ ব্যৱসায় চলি আছিল বুলি জানিব পাৰি আৰক্ষীয়ে ঘৰখনত তালাচি চলাই প্ৰায় ৩ কেজি গানজা (ভাং), বুজন পৰিমাণৰ কানি আৰু ড্ৰাগছ ভৰোৱা পেকেট উদ্ধাৰ কৰাৰ লগতে দুখন মটৰ চাইকেল এটা মবাইলফোন জব্দ কৰি দিনেশ মৰাণকো আটক কৰিবলৈ সক্ষম হৈছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments