ডোনাল্ড ট্রাম্পে নিৰ্বাচনী ভাষণত কি অভিযোগ আনিলে ভাৰতৰ বিৰুদ্ধে ?

0
79

ডোনাল্ড ট্রাম্পে নিৰ্বাচনী ভাষণত কি অভিযোগ আনিলে ভাৰতৰ বিৰুদ্ধে ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৰ বাবে তুংগত উঠিছে প্ৰস্তুতি
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ বাবে সম্পূণ প্ৰস্তুত কৰি তুলিছে
নৰ্থ কাৰোলিনাৰ নিৰ্বাচনী সভা এখনত ট্ৰাম্পে ভাৰতৰ বিপক্ষে অভিযোগ আনি কয় ভাৰত, চীন আৰু ৰাছিয়াৰ জৰিয়তেই বতাহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।ভাৰত, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ ভূমিকা ঠিকমতে পালন কৰিব পৰা নাই।তেওঁ লগতে কৰে যে ভাৰত, চীন আৰু ৰাছিয়াৰ বাবে প্ৰদূষণ বৃদ্ধি পাইছে আৰু আন দেশৰ তুলনাত আমেৰিকাৰ পৰিৱেশ উন্নত।
ট্ৰাম্পে কয় এই দেশ সমূহে কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব লাগে নাজানে আৰু লগতে কয় যে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে প্ৰাথমিক ধাৰণা নাই ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়,’’ মই কোনো চহৰৰ নাম ক’ব নোখোজো যদিও এনে কিছুমান চহৰ আছে য’ত গ’লে উশাহ পৰ্যন্ত ল’বলৈ কষ্ট হয়।‘’

ডোনাল্ড ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত চীন আৰু আৰু ৰাছিয়াক সমালোচনা কৰিছিল যদিও ভাৰতৰ বিৰুদ্ধে সমালোচনা কৰা নাছিল।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here