Saturday, March 18, 2023
HomeAssameseডুমডুমা ৰাজহ চক্ৰ কাৰ্যলয়ত আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ প্ৰতিবাদী কাৰ্যসূচী

ডুমডুমা ৰাজহ চক্ৰ কাৰ্যলয়ত আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ প্ৰতিবাদী কাৰ্যসূচী

ডুমডুমা ৰাজহ চক্ৰ কাৰ্যলয়ত আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ প্ৰতিবাদী কাৰ্যসূচী

আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ মাৰ্ঘেৰিটা, ডিগবৈ, পেঙেৰী, ডুমডুমা, তালাপ, ধলা-ছৈখোৱা, পুনা আৰু ফিল’বাৰী আঞ্চলিক সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ কাৰ্যলয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । “আছা’ কেন্দ্ৰীয় সমিতি তথা আছা তিনিচুকীয়া জিলাৰ সমিতিৰ আহ্বান মৰ্মে ডুমডুমা ৰাজহ চক্ৰ কাৰ্যলয়ৰ সম্মুখত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লয়। এই ধৰ্ণা কাৰ্যসূচীত জনজাতিকৰণ, ভূমিৰ অধিকাৰ ও আৱণ্টন প্রদান কৰা, অসমত বসবাস কৰা আদিবাসী সকলক OBC জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আদিবাসী জাতীয় মঞ্চ ক কৃতিত্ব প্ৰদান কৰা, চাহ শ্রমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, চাহ বাগিছা সমূহৰ প্ৰাথমিক শিক্ষা উন্নত মানদণ্ড আৰু বিজ্ঞান সন্মত ভাৱে উন্নত কৰা, অসমৰ চাহ বাগিছা সমূহ উচ্ছেদ বন্ধ কৰাৰ বাবে অসম চৰকাৰক দাবী জনায় । উক্ত দাবী সমূহ ৰূপায়ণ কৰাৰ বাবে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। অতি শীৰ্ঘ্ৰে যদি আছাৰ এই দাৱীসমূহ চৰকাৰে মানি নলয় তেন্তে আগন্তোক দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments