Saturday, March 25, 2023
HomeAssameseডুমডুমা, মাকুমৰ বাগিচাই-বাগিচাই আটছাৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ডুমডুমা, মাকুমৰ বাগিচাই-বাগিচাই আটছাৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে ডুমডুমাৰ কেইবাখনো চাহ বাগিচাত আটছাই ধাৰাবাহিকভাৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আটছাৰ ৰূপাই চাইডিং উপ-শাখা সমিতিৰ উদ্যোগত আৰু ঔগুৰি শান্তিপুৰ প্ৰভাত চাহ বাগিচা প্ৰাথমিক গোটৰ লগতে বাগিচাখনৰ চাহ শ্ৰমিকৰ সহযোগত আজি ডুমডুমাৰ ৰূপাই চাইডিংস্থিত প্ৰভাত চাহ বাগিচা কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰা, বাগিচাৰ বাট-পথসমূহ উন্নত কৰা, চাহ বাগিচাৰ শিক্ষিত যুৱক-যুৱতী সকলক কৰ্মসংস্থাপন দিয়াৰ লগতে চাহ বাগিচা সমূহৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ তৰফৰ পৰা বাগিছা পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয় ।

আটছাৰ লোহাৰী উপ-শাখা সমিতিৰ উদ্যোগত আৰু শুকান পুখুৰী চাহ বাগিচা প্ৰাথমিক গোটৰ লগতে বাগিচাখনৰ চাহ শ্ৰমিকৰ সহযোগত আজি তিনিচুকীয়া শুকান পুখুৰীস্থিত শুকান পুখুৰী চাহ বাগিচা কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰা, বাগিচাৰ বাট-পথসমূহ উন্নত কৰা, চাহ বাগিচাৰ শিক্ষিত যুৱক-যুৱতী সকলক কৰ্মসংস্থাপন দিয়াৰ লগতে চাহ বাগিচা সমূহৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ তৰফৰ পৰা বাগিছা পৰিচালকলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments