Thursday, May 25, 2023
HomeAssameseডুমডুমাৰ লংছোৱালত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডুমডুমাৰ লংছোৱালত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানৰ সমীপৰ লংছোৱালত আজি এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । লংছোৱালস্থিত চাহ মজদুৰ হাইস্কুলৰ পিছফালে থকা এটা পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো বৰহাপজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লংছোৱাল নাহৰচাপৰি ৫ নং ৱাৰ্ডৰ হিন্দী স্কুলৰ পিছফালে থকা ফাগু মুড়া আৰু দুৰ্গা মনি মুড়াৰ ১৩ বছৰীয়া কন্যা সীমা মুড়াৰ বুলি জানিব পৰা গৈছে । উল্লেখ্যযোগ্য যে, শনিবাৰে জিতুল প্ৰজা (পিৰতুচ) নামৰ এগৰাকী যুৱকৰ সৈতে সীমাই কথা পাতি থকা দেখি পিতৃ ফাগু মুড়াই সীমাক গালি পাৰিছিল । উক্ত নিশাৰ পৰাই সীমা সন্ধানহীন হৈ আছিল । পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে উক্ত দিনাখনৰ পৰাই বহু বিচাৰ-খুচাৰ কৰে যদিও সীমাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু আজি লংছোৱালৰ চাহ মজদুৰ হাইস্কুলৰ পিছফালে থকা এটা পুখুৰীত সীমাৰ অৰ্ধগলিত মৃতদেহ উপঙি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে । লগতে, ঘটনা সম্পৰ্কে দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনৰ জিতুল প্ৰজা (পিৰতুচ) নামৰ অভিযুক্ত যুৱকজনকো ডুমডুমা আৰক্ষীয়ে কৰায়ক্ত কৰিছে । অন্যহাতে, সীমাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে একাংশ ৰাইজে । আৰক্ষীৰ সঠিক তদন্ততহে পুহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments