Home Assamese ডুমডুমাৰ বিছাকুপি চাহ বাগিচা আৰু তালাপত আটছাৰ ৩৪ তম শ্বহীদ দিৱস পালন

ডুমডুমাৰ বিছাকুপি চাহ বাগিচা আৰু তালাপত আটছাৰ ৩৪ তম শ্বহীদ দিৱস পালন

224

চাহ জনগোষ্ঠীয় ৰাইজৰ বিভিন্ন অধিকাৰ তথা প্ৰাপ্য আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক স্মৰণ কৰাৰ উদ্দেশ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই প্ৰত্যেক বছৰতেই ৭ জুন তাৰিখে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বিছাকুপি চাহ বাগিচা আৰু তালাপতো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তালাপ শাখা সমিতিয়ে শ্বহীদ সকলক হুৱৰি বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰে । আটছা আৰু অসম চাহ জনজাতি মহিলা সমিতি তালাপ শাখা সমিতিৰ উদ্যোগত আটছাৰ টিপুক, খোবাং-গাখীৰভেটি, তালাপ আহুবাৰী, ডাঙৰী চাহ বাগিছা, ছৈখোৱা, হাঁহখাটী, আৰু শদিয়া উপ-শাখা সমিতিৰ সহযোগত তালাপস্থিত আটছাৰ তালাপ শাখা সমিতিৰ কাৰ্যালয়ত শ্বহীদ দিৱস পালন কৰা হয় । আটছাৰ পতাকা উত্তোলন, শ্বহীদক হুৱৰি স্মৃতি তৰ্পন কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীত তিনিচুকীয়া অসামৰিক চিকিত্সালয়ৰ সহযোগত ৰক্তদান কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । অন্যহাতে, পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে বিভিন্ন কাৰ্যসূচীৰে আটছা আৰু অসম চাহ জনজাতি মহিলা ডুমডুমা শাখা সমিতিৰ উদ্যোগত ৰূপাই চাইডিং শাখা সমিতিৰ সহযোগত বিছাকুপি চাহ বাগিচাৰ ১২ নম্বৰ লাইন খেলপথাৰতো আটছাৰ ৩৪ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় ।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here