Tuesday, March 21, 2023
HomeAssameseডুমডুমাৰ বাগিচাই বাগিচাই আটছাৰ প্ৰতিবাদী কাৰ্যসূচী

ডুমডুমাৰ বাগিচাই বাগিচাই আটছাৰ প্ৰতিবাদী কাৰ্যসূচী

চাহ শ্ৰমিকৰ জলন্ত সমস্যা সমুহক আওকান কৰি কেৱল মুনাফা লুটি অহা বৃহৎ চাহ বাগিচা কতৃপক্ষৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমা শাখাই , ডুমডুমাত থকা এপিজে, MK shah, Warren , James Warren আদিৰ দৰে বৃহৎ বৃহৎ চাহ কোম্পানী বিলাকৰ বাগিচা সমুহত শ্ৰমিকে স্বাস্থ্য, শিক্ষা, ভৱিষ্য নিধি, বাহগৃহ মেৰামতি, বদলি কাম দিয়া, শিক্ষিত নিবনুৱাক খালি থকা পদ সমুহত মকৰল নকৰা, খোৱাপনী আদিৰ দৰে এশ এবুৰি সমস্যাৰে জৰ্জৰিত ।

কেৱল দা-দৰমহা আৰু ৰেচন দিয়াৰ বাদে বাগিচা বিলাকত শ্ৰমিকৰ সকলো প্ৰাপ্য দিবলৈ ক্ৰমানুয়ে বন্ধ কৰি দিয়া দেখা গৈছে |

চাহ কোম্পানী বিলাকৰ এনে শ্ৰমিক বিৰুদ্ধী নীতিৰ বিৰুদ্ধে আটছা ডুমডুমা শাখা জাঙুৰ খাই ওঠিছে আৰু বাগিচা বিলাকত শ্ৰমিকৰ সহযোগত ধৰ্না কাৰ্য্যসূচী ৰূপায়ন কৰিছে । বুধবাৰে পূৱা বিচাকপি চাহ বাগিচাত শ্ৰমিকৰ বিভিন্ন জলন্ত সমস্যা সমুহ সমাধানৰ দাবীত বাগিচা কাৰ্য্যালয় সন্মূখত 2 ঘন্টীয়া ধৰ্ণা সাব্যস্ত কৰে আটছাই ।
সহস্ৰাধিক শ্ৰমিক আৰু আটছা সদস্যৰ প্ৰতিবাদত পৰিৱেশ উত্তাল হৈ পৰা পৰিলক্ষিত হয় ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments