Home Assamese ডুমডুমাৰ ফিল’বাৰীত অগ্নিকাণ্ড

ডুমডুমাৰ ফিল’বাৰীত অগ্নিকাণ্ড

95

ডুমডুমাৰ ফিল’বাৰীত অগ্নিকাণ্ড

মঙ্গলবাৰে নিশা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিল’বাৰী পুৰণা বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিকাণ্ডত সম্পূৰ্ণ ৰুপে ভষ্মিভুত হয় এখন গেলামালৰ সুলভ মুল্য দোকান,ক্ষতি হয় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী সহ নঠিপত্ৰ ৷


দোকানখনৰ গৰাকী প্ৰসাদ কানু। ঘটনাটো ফিল’বাৰী সেনা চাওনিৰ সমীপত হোৱাৰ বাবে সেনাচাউনিৰ পৰা জুই নোমুৱাবলৈ জপিয়াই পৰিছিলহি চাউনিটোৰ জোৱান সকল ফলত কম বেচি পৰিমানে আহত হয় কেইবাজনো সেনা জোৱান ৷শেষত অগ্নিনিৰ্বাপক বাহিনি আহি জুইৰ শিখা সমুহ সম্পূৰ্ণ ৰুপে নোমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here