Monday, May 22, 2023
HomeAssameseডুমডুমাৰ ডিব্ৰু নৈত অঘটন !পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ সলিল-সমাধি

ডুমডুমাৰ ডিব্ৰু নৈত অঘটন !পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ সলিল-সমাধি

ডুমডুমাৰ ডিব্ৰু নৈত শুক্ৰবাৰে প্ৰায় ২বজাত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
বিচাকপি চাহ বাগিচাৰ মাজেৰে বৈ যোৱা ডিব্ৰু নৈত উদ্ধাৰ হোৱা মৃতদেহটো বিচাকপি চাহ বাগিচা ট্ৰলি লাইনৰ ৰিকী মাঝীৰ বুলি জানিবলৈ পোৱা গৈছে | ৰিকী ৰূপবন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল | বৃহস্পতি বাৰে আবেলি নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ৰিকী | পৰৱৰ্তী সময়ত আৰক্ষী আৰু SDRF ৰ এটা ডুবাৰু দল ঘটনাস্থলীত উপস্থিত হৈ ৰিকীৰ সন্ধান চলাই যদিও নিশালৈকে সন্ধান ওলিয়াবলৈ সক্ষম নহল |
শনিবাৰে পূৱা পুনৰ ডুবাৰু দলটোৱে নৈত অভিযান চলাই ৰিকীক মৃত অৱস্থাত উদ্ধাৰ কৰে | মোমাইয়েকৰ ঘৰত বাস কৰা ঘাট মাউৰা ৰিকী মাঝীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় |

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne india News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments