Sunday, December 4, 2022
HomeAssameseডুমডুমাৰ চামডাং চাহ বাগিচাত দিন ডকাইতি

ডুমডুমাৰ চামডাং চাহ বাগিচাত দিন ডকাইতি

ডুমডুমাৰ চামডাং চাহ বাগিচাত দিন ডকাইতি

ডুমডুমাৰ চামডাং চাহ বাগিচাত আজি দিন দুপৰত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে | বাগিচাখনত আজি শ্ৰমিকৰ দৰমহা হোৱাৰ বাবে বাগিচাৰ মুখ্য কাৰ্য্যালয়ৰ পৰা পানীখোৱা ডিভিজনলৈ টকা লৈ যোৱা সময়ত বাট আগুচি টকা লুট কৰাৰ চেষ্টা কৰে ৬ জনীয়া ডকাইতৰ দলটোৱে |

ঘটনাৰ বিৱৰণী মতে বাগিচাখনৰ সহ পৰিচালক ত্ৰিদিপ বৰগোঁহায়ে বাগিচাৰ এগৰাকী শ্ৰমিকৰ সৈতে মটৰ চাইকেলত টকাৰ বাকচ লৈ যাওঁতে ৩ খন পালচাৰ মটৰ চাইকেলত অহা ৬ জনীয়া ডকাইতৰ দলটোৱে প্ৰথমে বাট আগুচি চোকা অস্ত্ৰৰে লোক দুজনক আক্ৰমন কৰে তাৰ পিচত টকাৰ বাকচ লৈ পলাবলৈ লওঁতে অন্য এগৰাকী বাগিচা সহ পৰিচালকে ডকাইত কেইজনৰ বাট সন্মুখদি আগুচি ধৰাত টকাৰ বাকচ পেলাই কিছু পৰিমানে টকা লৈ দলটোৱে পলায়ন কৰে |

ত্ৰিদিপ বৰগোঁহায়

ঘটনা সন্দৰ্ভত জানিবলৈ পাই তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজীত দেউৰী বাগিচাখনত উপস্থিত হৈ ঘটনাৰ বুজ লয় | আৰক্ষীয়ে জানিবলৈ দিয়ামতে ঘটনাস্থলীত এটা পুতলা পিষ্টল উদ্ধাৰ হৈছে |

আজি বাগিচাখনত শ্ৰমিকক বোনাচ প্ৰদান কৰাৰ সন্দেহত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে |

ডকাইতৰ চোকা অস্ত্ৰৰ আক্ৰমনত ত্ৰিদিপ বৰগোঁহাই নামৰ সহ পৰিচালক গৰাকী গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে | দিন দুপৰত সংঘটিত এনে ঘটনাত সমগ্ৰ ডুমডুমা অঞ্চলত চাঞ্চল্য বিৰাজ কৰা দেখা গৈছে |

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments