Monday, May 22, 2023
HomeAssameseডুমডুমাত বৈধ পৰিমাণ বিজ্ঞান বিভাগ তিনিচুকীয়াৰ এটা দলে জব্দ কৰিলে MRP বিহীন...

ডুমডুমাত বৈধ পৰিমাণ বিজ্ঞান বিভাগ তিনিচুকীয়াৰ এটা দলে জব্দ কৰিলে MRP বিহীন দোকানৰ সামগ্ৰী

ৰাজহুৱা অভিযোগৰ ভিক্তিত আজি বৈধ পৰিমাণ বিজ্ঞান বিভাগ তিনিচুকীয়াৰ পৰা অহা এটা সজাতি দলে ডুমডুমা নগৰৰ মাজমজিয়াত থকা সঞ্জয় গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীৰ দোকানত অভিযান চলাই MRP বিহীন দোকানৰ বহু সামগ্ৰী জব্দ কৰে । লগতে ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে বিভাগীয় ভাবে বিহীত ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিয়ে । উল্লেখ্যোগ্য যে, অসম আৰু অসমীয়াৰ স্বাভিমান অসমীয়া গামোচাৰ নামত একাংশ অসাধু ব্যৱসায়ীয়ে ডুমডুমা অঞ্চলৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনত দীৰ্ঘদিনৰ পৰা চালানী গামোচাৰ লগতে MRP বিহীন সামগ্ৰী অধিক মূল্যত গ্ৰাহকক বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহা বুলি বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে অভিযোগ উত্থাপন কৰিছিল । তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে অসমীয়া গামোচাৰ নামত চালানী গামোছা আৰু MRP বিহীন সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই অসমীয়া লোকসকলৰ ওপৰত লুণ্ঠন চলোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে দাবী জনাইছে ।

Byte: বিভাগীয় লোক ।
Byte: বীৰ লাচিত সেনাৰ বিষয়ববীয়া ।

তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments