ডুমডুমাত ডকাইতৰ গুলীত নিহত ATM সুৰক্ষা কৰ্মী

0
537

ডুমডুমাত ডকাইতৰ গুলীত নিহত ATM সুৰক্ষা কৰ্মী

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰূপাই-কাকপথাৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা SBI ৰ ATM ত বুধবাৰে দিনৰ প্ৰায় ৩ মান বজাত ধন জমা কৰিবলৈ গাড়ী অহাৰ সময়তেই সংঘটিত হ’য় গুলীচালনাৰ ঘটনা। ডকাইত আৰু ATM ৰ সুৰক্ষা কৰ্মীৰ মাজত হ’য় গুলীয়াগুলী।
এই গুলীচালনাত ATM ৰ এজন সুৰক্ষা কৰ্মীৰ বুকুত গুলী লাগে। গুলীবিদ্ধ সুৰক্ষা কৰ্মী জনক ততাতৈয়াকৈ ডুমডুমা FRU ত ভৰ্তি কৰোৱা হ’য় যদিও, চিকিৎসকে সুৰক্ষা কৰ্মী জন মৃত বুলি ঘোষণা কৰে। ইফালে, ঘটনা সংঘটিত হোৱা স্থানত এখন নম্বৰ প্লেট বিহিন ৰঙা ৰঙৰ Scotty উদ্ধাৰ হৈছে। ATM টোত ধন জমা কৰাৰ সময়ত ডকাইটি কৰিবলৈ অহা ডকাইতৰ দলটোৱে Scotty খন এৰি যোৱাৰ সন্দেহ কৰা হৈছে। লগতে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ডকাইতৰ দলটোৱে অন্য এখন মটৰ চাইকেল লৈ যায় যদিও, ৰাজাগড়ৰ পথৰ কাষত মটৰ চাইকেলখন এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে। আনহাতে, ATM ৰ সুৰক্ষা কৰ্মীৰ গুলীত এজন ডকাইত গুলীবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে।বৰ্তমান আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।

দ্বীপেন লহকৰ, কাকপথাৰ, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here