ডিৰাক -চুমণি মথাউৰিৰ কামৰ বুজ ললে বিধায়ক বলিন চেতিয়াই
কাকপথাৰ ১৬ মে’: তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন দিহিং নদীৰ ডিৰাক -চুমণি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বান নিয়ন্ত্ৰন বিভাগে প্ৰায় চাৰি কোটি পঞ্চাচ লক্ষাধিক টকাৰে চলাই থকা জিঅ’ বেগৰ কামৰ অগ্ৰগতিৰ আজি বুজ লয় বিধায়ক বলিন চেতিয়াই। বিধায়ক গৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি বাকী থকা কাম শীঘ্ৰেই সম্পুৰ্ণ কৰাৰ নিৰ্দেশনা দিয়ে।উল্লেখ্য যে, যোৱা ৮ মে’ত বিধায়ক গৰাকীয়ে মথাউৰি পৰিদৰ্শনৰ সময়ত জিঅ’ বেগৰ কামৰ লেহেমীয়া গতি দেখি ক্ষুণ্ণ হৈ পৰিছিল।আনকি কামৰ অগ্ৰগতি দেখিও তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। ঠিকাদাৰৰ মহৰিৰ লগতে বান নিয়ন্ত্ৰন বিভাগৰ কৰ্মচাৰীৰ সকলক আৰু অধিক ক্ষিপ্ৰতাৰে জিঅ’ বেগৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কেইদিনমানৰ পিচতে কামৰ অগ্ৰগতিৰ বুজ লবলৈ পুনৰ মথাউৰি পৰিদৰ্শন কৰিব বুলি কোৱা অনুসৰিয়েই আজি সেই ঠাইত উপস্থিত হয়। বিধায়ক গৰাকীয়ে কামৰ অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰি বাকী থকা কাম সম্পুৰ্ণ কৰাৰো নিৰ্দেশনা দিয়ে।স্মৰ্তব্য যে, বিগত বৰ্ষত মন্ত্ৰী কেশৱ মহন্তই নিজেই মথাউৰি পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ ক্ষেত্ৰত জিঅ’ বেগৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়া অনুসৰি কামৰ আবণ্টন দিছিল।
https://youtu.be/b5QDMqdps3k?t=64
দ্বীপেন লহকৰ, কাকপথাৰ, Ne India News.