ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত বিক্ষোভ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ সমূহত স্নাতক বিভাগত নামভৰ্তিৰ মাছুল হঠাৎ বৃদ্ধি পাইছে।
যিয়ে মহাবিদ্যালয় সমূহত অধ্যয়নত ছাত্ৰ-ছাত্ৰী সকলৰ নামভৰ্তিত বাধা আনিছে কিয়নো এই মহাবিদ্যালয় সমূহত অধ্যয়ন কৰা বেছি ভাগ ছাত্ৰ-ছাত্ৰীয়ে এক বৃহৎ পৰিমাণৰ নাম ভৰ্তি মাচুল দিবলৈ আৰ্থিক ভাবে সক্ষম নহয়। ডিব্ৰগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ এনে হঠকাৰি সিদ্ধান্তৰ প্ৰতিবাদত গৰজি উঠিল তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু হাতত তুলি লব লগীয়া হল বিক্ষোভ কাৰ্যসূচী। কাৰ্যসূচী সন্দৰ্ভত তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয় ববিয়াই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News