ডিগবৈ ৰাম কৃষ্ণ মিছন প্ৰশংসনীয় পদক্ষেপ ! আৰ্তজনক বস্ত্ৰ দান
বস্ত্ৰ দান মহান দান । চিকিৎসা শিক্ষা আপাদকালীন সেৱাৰ লগতে জনহিতৈষী বিভিন্ন কৰ্মক মুখ্য উদ্দেশ্য হিচাপে লৈ সামাজত পৰিচয়বহন কৰি এক সুকীয়াস্থান লাভ কৰিবলৈ সক্ষম হোৱা ডিগবৈ শাখা ৰাম কৃষ্ণ মিছনে আগন্তুক শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত আৰ্তজনৰ কাষত ঠিয় হৈ বস্ত্ৰ দানৰ দৰে এক মহান কাৰ্য সম্পাদন কৰে ৷
তৈলনগৰী ডিগবৈ চহৰৰ পাৰ্শ্ব্ৱ্তী বালিজান বৰজান মুলীয়াবাৰীকে আদি কৰি আনকেইবা ঠাইতো দুখীয়া দৰিদ্ৰ লোকক আংশিকভাৱে সহায় হাত আগৱঢ়াবলৈ আগ্ৰহেৰে উপস্থিত হৈ মুঠ ৪৩ গৰাকী পুৰুষ মহিলাক বস্ত্ৰদান কৰে ৷

ৰাম কৃষ্ণ মিছন ডিগবৈ শাখাৰ দ্বাৰা আতৰ্জনৰ কাষত ঠিয় হৈ দুখীয়া দৰিদ্ৰ লোকক আংশিক পৰিমাণে হলেও সহায় হাত আগৱঢ়োৱা কাৰ্যসূচীক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনতো জনহিতৈষী কৰ্মৰ জৰিয়তে এখন সুস্থিৰ সমাজ গঢ়াত বৰঙনি আগৱঢ়াবলৈ আহ্বান জনায় ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News