ডিগবৈ ষ্টেচনত নিৰুদ্দেশ হোৱা দুই ছাত্ৰ নিজ ঘৰলৈ উভতিল ঘৰলৈ

9

ডিগবৈ ষ্টেচনত নিৰুদ্দেশ হোৱা দুই ছাত্ৰ নিজ ঘৰলৈ উভতিল ঘৰলৈ

ডিগবৈ ষ্টেচনৰ নিবাসী আহমদ আলী ৰ পুত্ৰ জহুৰ আলী (১৬) আৰু সুৰব আলীৰ পুত্ৰ আছিকুল আলী (১৫) যোৱা ২১ জুলাইৰ পৰা নিৰুদ্দেশ হৈ যোৱা মংগলবাৰে নিজ ঘৰলৈ উভতিল।ঘটনাক্রমে দুয়ো একেলগে উক্ত দিনা মাদ্ৰাছা লৈ ৰেল যোগে গৈছিল।কিন্তু মাদ্ৰাছা নাপালেগৈ ছাত্ৰ দুজন। ঘৰুৱা আত্মীয় কুটুম ঘৰত খবৰ কৰিও বিচাৰি নোপোৱাত পৰিয়াল দুটাত এতিয়া হাহাকাৰ লাগিছিল। ইতিমধ্যে ডিগবৈ থানাতো পৰিয়ালৰ লোকে এজাহাৰ দিছিল।নিৰুদ্দেশ দুই ছাএৰ পৰা জানিব পৰা মতে নিতেশ কুমাৰ নামৰ যুবক এজনে তেওঁলোকক খাবলৈ দিয়া চানাত নিচা জাতীয় বস্তু মিহলাইছিল বুলি জানিবলৈ দিয়ে।বৰ্তমান নিতেশ কুমাৰক ডিগবৈ আৰক্ষীয় আৰু গাওঁ ৰক্ষী বাহিনীয়ে আটক কৰিছে আৰু তেওঁৰ হাতৰ পৰা কিছুমান নিচাযুক্ত বস্তু,এখন কেছি,এটা লাইটাৰ আৰু নগদ ৭০০ টকা আৰক্ষীয়ে জব্দ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here