সমগ্ৰ বিশ্বৰ লগতে আজি ২২ এপ্ৰিলৰ দিনা ডিগবৈ মহাবিদ্যালয়ৰ NSS গোটে “বিশ্ব ধৰিত্ৰী দিৱস” “Earth Day” উদযাপন কৰে।এই ধৰিত্ৰী দিৱস পোনপ্ৰথমবাৰ আমেৰিকাত ১৯৭০ চনৰ ২২ এপ্ৰিলৰ দিনাখন পালন কৰা হৈছিল।আজি এই ধৰিত্ৰী দিৱস পৃথিৱীৰ জন্মদিন হিচাপে গোটেই বিশ্বতে পালন কৰা দেখা যায়। ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান(Zoology)শাখা আৰু NSS গোটে ”ডিগবৈ বগাপানী এলিফেণ্ট কৰিডৰ আপাৰ দিহিং ৱেষ্ট ব্লক এৰিয়াত” প্ৰতিবছৰে আহি গছপুলি ৰোপন কৰে।কিছুমান গছ ডাঙৰ হৈছে বুলিও NSS গোটটোৱে জনাই আৰু লগতে এইটোও কয় যে,গছপুলি ৰুৱাটো খুব প্ৰয়োজন।গছপুলি থাকিলেহে পৃথিৱীখন থাকিব।পৃথিৱীৰ জন্মদিন পালন কৰাতোৱে এই ধৰিত্ৰী দিৱস উদযাপনৰ প্ৰধান উদ্দেশ্য।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News