Sunday, December 4, 2022
HomeAssameseডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নয়না শইকীয়া ২০২০-২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় NSSৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ...

ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নয়না শইকীয়া ২০২০-২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় NSSৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত

ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী নয়না শইকীয়া ২০২০-২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় NSSৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত

তিনিচুকীয়া জিলাৰ এখন অন্যতম মহাবিদ্যালয় হৈছে ডিগবৈ মহাবিদ্যালয়,প্ৰায় দুই হাজাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নত মহাবিদ্যালয় খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে ঘোষণা কৰা ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় এন এছ এছ বঁ‌টাৰ বাবে নিৰ্বাচিত হৈছে।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অহা ২৪ ছেপ্টেম্বৰ,২০২২ তাৰিখে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উক্ত বঁ‌টাতি প্ৰদান কৰিব।২০১৮-১৯ বৰ্ষত আগবঢ়োৱা এন এছ এছৰ বিভিন্ন সেৱাৰ বাবে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী নয়না শইকীয়ালৈ এই বঁ‌টা আগবঢ়োৱা হৈছে।

এই সন্মানৰ বাবে ডিগবৈ মহাবিদ্যালয়,পৰিয়াল গৌৰাৱান্বিত,ডিগবৈ মহাবিদ্যালয় অধ্যক্ষ ডঃ দীপ শইকীয়াৰ লগতে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰফেছাৰ এন এছ এছ মুৰব্বী ৰাজীৱ ৰূদ্ৰ টাৰিয়াংৰ যি প্ৰচেষ্টাৰ বাবেই তিনিবাৰকৈ মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰীয়ে এনেদৰে পুনৰ ৰাষ্ট্ৰীপতি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

নয়না টিংৰাই বন গাঁও নিৱাসী ত্ৰিদীপ শইকীয়া আৰু সুৰভী শইকীয়াৰ সুযোগ্য কন্যা।নয়না বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত অধ্যয়ন কৰি আছে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments