ডিগবৈ মহাবিদ্যালয়ত পৰিবেশ্য ক’লা অধ্যয়ন কেন্দ্ৰ মুকলি
কোহক থিয়ৰিটিকেল চ’ছায়িটি ৰ উদ্যেগত শুকুৰবাৰে ডিগবৈ মহাবিদ্যালয়ত পৰিবেশ্য ক’লা অধ্যয়ন কেন্দ্ৰ মুকলি।
শিৱ আৰাধনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেন্দ্ৰ নাথ শৰ্মা, উপাধ্যক্ষ ড° অৰুণ চন্দ্ৰ দত্ত,ড° মৃণাল কুমাৰ গগৈ, অধ্যাপিকা ৰশ্মি পাটোৱাৰী, সাংবাদিক ৰবীন মৰাণ,বিনন্দ কোঁৱৰ আৰু অধ্যয়ণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সম্ৰাট ভৰদ্বাজৰ তত্বাৱধানত আৰম্ভ হোৱা এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম কেন্দ্ৰটোত ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাট্য চৰ্চা আৰম্ভ কৰিছে।
এই যাত্ৰাৰ যোগেদি নাট্য চৰ্চাৰ এক নতুন দিশ-দৰ্শন সূচনা হ’ব।
অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়া।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News