মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ দেৱ আৰু ১৯ টা নামঘৰ ভকতবৃন্দৰ উপস্থিতিত মঙ্গলবাৰে ডিগবৈ ১নং বৰবিল স্থিত জ্যোতিনগৰ নামঘৰৰ বাৰ্ষিক নামপ্ৰসংগৰ মাজেৰে নামঘৰটিৰ মণিকোটৰ নৱনিৰ্মিত আসন ভাগ প্ৰতিষ্ঠা কৰা হয়। উক্ত কাৰ্যসূচীৰ উপলৈক্ষে নামঘৰৰ ডিগবৈ অঞ্চলৰ ১৯ টি নামঘৰৰ সমূহ ভকত বৃন্দ আৰু আই মাতৃ সকল একত্ৰিত হৈ ধৰ্মধ্বজা উত্তোলনৰ পাছতে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ দেৱক আদৰণি জনাই প্ৰভুৰ দ্বাৰা গুৰু আসন খন প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছতে ৰাজহুৱা নাম প্ৰসংগৰ মাজেৰে বিশ্বৰ শান্তি উপলক্ষে সকলোৱে প্ৰাৰ্থনা জনায়।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News