তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ পেঙেৰী সংযোগী পথৰ কাষৰ ভীমপথাৰত আজি পুৱাতে বোমাতংকৰ পৰিৱেশে বিৰাজ কৰিছে ৷জানিব পৰা অনুসৰি আজি পুৱাৰ ভাগত ডিগবৈৰ অভিমুখে ভীমপথাৰৰ এজন যুৱকে মটৰচাইকেলেৰে গৈ থকাৰ অৱস্থাত পথৰ কাষতে এটা পলিথিনৰ বেগ পৰি থকাৰ অৱস্থাত এটা সন্দেহ উপজে । বেগটো প্ৰত্যক্ষ কৰাৰ পাচতেই বেগটোৰ অন্তভাগত সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰাত লগে লগেই ডিগবৈ আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত আৰক্ষী সহ ভাৰতীয় সেনা বাহিনীৰ এটা বৃহৎ দল উপস্থিত হৈ বিস্তৃত অঞ্চলত চিল কৰি দিয়ে ৷সন্দেহজনক বিষ্ফোৰক সামগ্ৰীখিনি প্ৰকৃততে বোমা নে আন সামগ্ৰী এতিয়ালৈ আৰক্ষী তথা সেনাবাহিনীৰ দলে স্পষ্ট কৰা নাই যদিও সেনা বাহিনীৰ তৰফৰ পৰা স্নিফাৰ ড’গসহ দিনজানৰ বোমা বিশেষজ্ঞ দলে বিভিন্ন অত্যাধুনিক যন্ত্ৰ পাতি লৈ চোৱা চিতা অব্যাহত ৰাখিছে ৷তাকে লৈ সমগ্ৰ অঞ্চলটোত এক তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷লগতে ব্যস্তময় ডিগবৈ পেঙেৰী পথৰ কাষতে সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱাক লৈ পথৰ দুয়োকাষে বিভিন্ন কৰ্মক্ষেত্ৰৰ বাবে যোৱা যাত্ৰীৰ লগতে স্কুল কলেজলৈ যোৱা ছাত্ৰছাত্ৰী সকল আবদ্ধ হৈ আছে ৷
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News