Sunday, March 19, 2023
HomeAssameseডিগবৈ গাওঁৰক্ষী বাহিনীৰ সুন্দৰ পদক্ষেপ

ডিগবৈ গাওঁৰক্ষী বাহিনীৰ সুন্দৰ পদক্ষেপ

ডিগবৈ গাওঁৰক্ষী বাহিনীৰ সুন্দৰ পদক্ষেপ

ডিগবৈ-দুলিয়াজান সংযোজিত পথটোৰ সমীপৰ ইটাভাটা নামেৰে এডোখৰ ঠাইত এজন অচিনাকী ব্যক্তি ৰাস্তাত অচেতন হৈ পৰি থকা অৱস্থাত দেখা পাই সেই লোকজনক ইটাভাটা গাওঁৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি মহানুভাৱতাৰ পৰিচয় দাঙি ধৰে।

জানিব পৰা মতে,অচিনাকী অচেতন লোকজনক পথচাৰী আৰু স্থানীয় ব্যক্তিয়ে নিশা দহটামান বজাত ৰাস্তাৰ কাষত পৰি থকা অৱস্থাত দেখা পাই এডোখৰ নিৰাপত্তা ঠাইলৈ আনে।

সেই সময়ছোৱাত ইটাভাটা গাওঁৰক্ষী বাহিনীৰ দুজনমান কৰ্মী(সঞ্জীৱ কোঁৱৰ,সন্তোষ ছেত্ৰী আৰু জামাল উদ্দিন)আহি উপস্থিত হৈ লৰালৰিকৈ “১০৮(মৃত্যুঞ্জয়)” এম্বুলেঞ্চক ফোনৰ যোগেদি ঘটনাটো বিষয়ে অৱগত কৰাই।

“১০৮(মৃত্যুঞ্জয়)” এম্বুলেঞ্চ আহি উপস্থিত হোৱাৰ পিছত ইটাভাটা গাওঁৰক্ষী বাহিনীৰ কৰ্মী সঞ্জীৱ কোঁৱৰ আৰু সন্তোষ ছেত্ৰীয়ে লোকজনক “ডিগবৈ অসামৰিক চিকিৎসালয়” লৈ চিকিৎসা কৰাবলৈ ততাতৈয়াকৈ লৈ যায়।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments