ডিগবৈ কাৰ্বন প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে সৰৱ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন

12

ডিগবৈ কাৰ্বন প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে সৰৱ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন

সমগ্র বিশ্বত নিজৰ স্বাৰ্থ পুৰণ কৰিবলৈ জীৱ শ্রেষ্ঠই সেউজ ধৰণী ধ্বংস কৰাৰ ফলত ক্ৰমান্বয়ে বাঢ়িব ধৰিছে গোলকীয় উষ্ণতা,এই উষ্ণতাৰ ফলত জীৱ শ্ৰেষ্ঠৰ ঠাহনী নোহোৱা হৈছে,গোলকীয় উষ্ণতাৰ বৃদ্ধি অন্য এক কাৰণ হৈছে যধে-মধে স্থাপন কৰা কল-কাৰখানা সমূহ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা কলা ধোঁৱাই আকাশ বতাহ চানি ধৰা ফলত বায়ু,পানী,শব্দ প্ৰদূষণ ইত্যাদিয়ে জীৱ কুলৰ ওপৰত ভাবুকি কঢ়িয়াই অনা বিভিন্ন সময়ত বিভিন্ন ঠাইত পৰিলক্ষিত হৈ আহিছে। তৎসতেও এচাম জীৱ কূলৰ শত্ৰুৱে এই ক্ষেত্ৰত কোনো ধৰণৰ সচেতনতা নোহোৱাৰ বিভিন্ন মাধ্যমত সংবাদ শিৰোনাম দখল কৰি আহিছে। এই ক্ষেত্ৰত এইসকল অসচেতনতা লোকৰ বিৰুদ্ধে সমাজৰ সচেতন নাগৰিক কিম্বা চৰকাৰে ব্যৱস্থা লৈছে যদিও কিছুমান অসাধু ব্যৱসায়িয়ে কেৰেপ নকৰা পৰিলক্ষিত হয়।
এনে এক জীৱ কূলৰ বিৰুদ্ধে পুনৰ তিনিচুকীয়া বৰগুৰিস্থিত ডিগবৈ কাৰ্বন প্ৰাইভেট লিমিটেড নামৰ কাৰ্বন ফেক্টৰী এটাই আনিছে ভাবুকি।
নিটো ফেক্টৰীটোৰ পৰা নিৰ্গত হোৱা কলা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চল,এই ক্ষেত্ৰত স্থানীয় ৰাইজে অভিযোগ-প্ৰতিঅভিযোগ বাৰংবাৰ দি আহিছে যদিও সাধাৰণ ৰাইজৰ কথা গুৰুত্ব নিদিয়ে ফেক্টৰীটোৰ কৰ্তৃপক্ষই।
সেয়েহে শুক্ৰবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া আঞ্চলিক সমিতিৰ নেতৃ-বৰ্গই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কাৰ্বন ফেক্টৰীটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্ত মহোদয়ক আহ্বান জনায়।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here